শোকাবহ! বিদ্যালয়ৰ বিদায় সভাৰ বজাৰ কৰিবলৈ আহি ই-ৰিক্সা দুৰ্ঘটনাত মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰ নিতুমণিৰ…

নিউজ ডেস্কঃ ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা।

ৰঙিয়াৰ বৰলীয়া নৈৰ দলঙৰ ওপৰত সংঘটিত হয় এই দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিঙত প্ৰচণ্ড খুন্দা এখন ই-ৰিক্সাৰ।

দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যু এজন কিশোৰৰ।

দুৰ্ঘটনাত নিহত কিশোৰজনৰ পৰিচয় নিতুমণি কলিতা বুলি জানিব পৰা গৈছে।

কামৰূপ জিলাৰ পিতাম্বৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ আছিল নিতুমণি।

বিদ্যালয়ৰ বিদায় সভাৰ বজাৰ কৰিবলৈ ই-ৰিক্সাৰে আহি থকা সময়তে দুৰ্ঘটনাত পতিত হয় ছাত্ৰজন।

স্থানীয় ৰাইজে আহত ছাত্ৰজনক চিকিৎসাৰ ৰঙিয়া মহকুমা হাস্পতালত ভৰ্তি কৰোৱায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ই-ৰিক্সাৰ চালকজনে।

ছাত্ৰজনৰ এনে আকস্মিক দুৰ্ঘটনাত মৃত্যুক কেন্দ্ৰ কৰি পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে।