অসমীয়াৰাষ্ট্ৰীয়

শোকাবহ! বিদেশত চাকৰি পোৱাৰ আনন্দত ৰেষ্টুৰেণ্টত বন্ধুক পাৰ্টি দি উভতি অহাৰ পথতে বাহনৰ খুন্দাত মৃত্যু যুৱকৰ…

নিউজ ডেস্কঃ বিদেশত চাকৰি লাভৰ স্ফুৰ্তিত বন্ধুক পাৰ্টী দি উভতি অহাৰ সময়তে অচিনাক্ত বাহনৰ খুন্দাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল আইআইটিৰ এগৰাকী ছাত্ৰই।

মঙলবাৰে নিশা এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় দিল্লীৰ এছ ডি এ বজাৰৰ সমীপত।

জানিব পৰা মতে, আইআইটিৰ পিএইচডি ছাত্ৰ আশ্ৰফ নৱাজ খানে (৩০) নিশা এখন ৰেষ্টুৰেণ্টত বন্ধুৰ সৈতে আহাৰ গ্ৰহণৰ পিছত ঘৰলৈ উভতিছিল।

সেই সময়ত যুৱকজনৰ সৈতে আছিল আন এজন বন্ধু অংকুৰ শুক্লা (১৯)ও।

কিন্তু তেওঁলোকে পথৰ কাষে কাষে আহি থকাৰ সময়তে এখন দ্ৰুতবেগী বাহনে দুয়োজন যুৱকক মহটিয়াই নিয়ে।

এই দুৰ্ঘটনাত আশ্ৰফৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় অংকুৰ।

পৰৱৰ্তী সময়ত উপস্থিত আনসকল লোকে আহত যুৱকজনক হাস্পতাললৈ প্ৰেৰণ কৰে।

জানিব পৰা মতে, শেহতীয়াকৈ লণ্ডনত এক চাকৰিৰ সাক্ষাৎকাৰত উত্তীৰ্ণ হৈছিল আশ্ৰফ।

বিদেশত চাকৰি প্ৰায় নিশ্চিত হোৱাৰ আনন্দত সেইদিনা ৰেষ্টুৰেণ্টত বন্ধুক পাৰ্টী দিছিল যুৱকজনে। য’ৰ পৰা উভতি অহাৰ পথতে অকাল মৃত্যুক সাৱটি লয় আশ্ৰফে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ পৰা কিছু দূৰৈত পৰিত্যক্ত অৱস্থাত বাহনখন জব্দ কৰে যদিও গাড়ীৰ চালকৰ সন্ধান অব্যাহত ৰাখিছে।

Related Articles

Back to top button