
নিউজ ডেস্কঃ ৰাজ্যৰ ভয়াবহ বান পৰিস্থিতিৰ মাজতে তামুলপুৰৰ কচুবাৰীত সংঘটিত হ’ল এক শোকাবহ ঘটনা। বন্ধুৰ সৈতে ওলাই যোৱাৰ পিছতে পানীত পৰি সন্ধানহীন হৈ পৰে এজন কিশোৰ।
এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে শোকাকুল পৰিৱেশৰ।
জানিব পৰা মতে, শুকুৰবাৰে দুই বন্ধুৰ সৈতে স্কুটীৰে ঘৰৰ পৰা ওলাই গৈছিল তামুলপুৰ জিলাৰ কচুবাৰীৰ দেৱজিৎ দে নামৰ এজন কিশোৰ।

কিন্তু দুই বন্ধুৰ সৈতে ফুৰিবলৈ ওলাই যোৱাৰ পিছতে নিয়ন্ত্ৰণ হেৰুৱাই তেওঁলোকৰ স্কুটীখনে পথৰ দাঁতিৰ এটা বৈদ্যুতিক খুঁটাত খুন্দা মাৰে।
ইফালে দুৰ্ঘটনাৰ পিছতে তিনিওজন কিশোৰ সমীপৰ এটা বোৱতী জানৰ পানীত বাগৰি পৰে। লগে লগে স্থানীয় লোকে জানৰ পৰা দুজন কিশোৰক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও সন্ধানহীন হৈ আছে দেৱজিৎ দে নামৰ কিশোৰজন।
ঘটনাস্থলীত এছডিআৰএফ বাহিনী উপস্থিত হৈ কিশোৰজনৰ সন্ধানত অভিযান চলাই যদিও দেৱজিতৰ সন্ধান উলিওৱাত ব্যৰ্থ হয়।
যাৰ ফলত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।