
নিউজ ডেস্কঃ নিশা পথৰ কুকুৰক খাদ্য দি থাকোতেই দ্ৰুতবেগী বাহনে মহটিয়াই লৈ গ’ল এগৰাকী যুৱতীক।
এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে চণ্ডীগড়ত।
দুৰ্ঘটনাৰ পিছতে আৰক্ষীয়ে অভিযুক্ত বাহন চালক ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত মেজৰ সন্দীপ সাহিক গ্ৰেপ্তাৰ কৰিছে।
জানিব পৰা মতে, ২৫ বৰ্ষীয় তেজস্বিতা নামৰ যুৱতীগৰাকীয়ে অইন দিনাৰ দৰে দেওবাৰে নিশাও পথৰ দাঁতিত ৰৈ বাটৰ কুকুৰক খাদ্য দি আছিল।
পশুপ্ৰেমী যুৱতীগৰাকীয়ে পথৰ কাষত থিয় হৈ কুকুৰক খাদ্য খুৱাই থকাৰ সময়তে এখন দ্ৰুতবেগী বাহনে তেওঁক মহটিয়াই নিয়ে।
এই দুৰ্ঘটনাত মূৰ আৰু শৰীৰৰ একাধিক অংগত গুৰুতৰ আঘাত লাভ কৰে তেজস্বিতাই।
পৰৱৰ্তী সময়ত তেওঁক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হয়।
ইফালে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি ঘটনাস্থলীৰ চিচিটিভি ফুটেজৰ ভিত্তিত দুৰ্ঘটনা সংঘটিত কৰা বাহনখন চিনাক্ত কৰি সোমবাৰে মোহালীৰ পৰা অৱসৰপ্ৰাপ্ত সেনা বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰে।
#WATCH | A woman was hit by a speeding car in Chandigarh while she was feeding street dogs.
— ANI (@ANI) January 16, 2023
Police says that FIR is being registered. The incident happened in Sector 53 and the woman is currently undergoing treatment at the hospital (16.01)
(CCTV Visuals) pic.twitter.com/dabBgAMY3I
অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ২৭৯ আৰু ৩৩৭ ধাৰাত গোচৰ ৰুুজু কৰি তদন্ত অব্যাহত ৰাখিছে।
জানিব পৰা মতে, দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা তেজস্বিতা আৰ্কিটেকচাৰত স্নাতক হোৱাৰ লগতে ইউপিএছচিৰ বাবে প্ৰস্তুতি চলাই আছে।