শোকাবহ! বাছ-চাৰিচকীয়া আৰু বাইকৰ ভয়ংকৰ সংঘৰ্ষৰ পিছতে সংঘটিত হ’ল অগ্নিকাণ্ড, অগ্নিদগ্ধ হৈ দুজনৰ মৃত্যু

নিউজ ডেস্কঃ ৰাজপথত দাউদাউকৈ জ্বলি উঠিল এখন বাছৰ লগতে আন কেইবাখনো বাহন।

ভয়ংকৰ দুৰ্ঘটনাৰ পিছত সংঘটিত এই অগ্নিকাণ্ডত প্ৰাণ হেৰুৱায় ২ জনকৈ লোকে। দুৰ্ঘটনাত আহত হয় আন কেইবাজনো।

জানিব পৰা মতে, মহাৰাষ্ট্ৰৰ নাচিক-চিন্নাৰ ঘাইপতৰ শ্বিণ্ডে-ফলছ টোল প্লাজাৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।

বাতৰি অনুসৰি, এখন বাছ, এখন চাৰিচকীয়া বাহন আৰু ৪খন বাইকৰ মাজত সংঘটিত এই ভয়ংকৰ সংঘৰ্ষৰ পিছতে পথৰ ওপৰত অগ্নিৰ সূত্ৰপাত ঘটে বাছখনত।

পিছত স্থানীয় ৰাইজ আৰু উদ্ধাৰকাৰীয়ে বাহন কেইখনৰ পৰা যাত্ৰীসকলক বাহিৰলৈ উলিয়াই আনিবলৈ সক্ষম হয় যদিও দুজন ব্যক্তিৰ অগ্নিদগ্ধ হৈ মৃত্যু ঘটে।

আহত সকলক পৰৱৰ্তী সময়ত বিভিন্ন হাস্পতাললৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়।

ইফালে সামাজিক মাধ্যমত এই ভয়ংকৰ অগ্নিকাণ্ডৰ এটা ভিডিঅ’ও ভাইৰেল হৈ পৰিছে।