শোকাবহ! বাইক আৰোহীক বচাবলৈ গৈয়ে বাগৰি পৰিল স্কুলবাছ, দুটি শিশুৰ মৃত্যু

নিউজ ডেস্কঃ পুৱা বিদ্যালয়লৈ যোৱাৰ সময়তে স্কুলবাছ দুৰ্ঘটনাগ্ৰস্ত হৈ প্ৰাণ হেৰুৱাবলগীয়া হ’ল দুটি কণমানি শিশুৱে।

এই শোকাবহ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ জিলাৰ ছৈয়দাবাদ অঞ্চলত।

জানিব পৰা মতে, শনিবাৰে পুৱা মংগড়স্থিত কান্তি দেৱী জনতা বিদ্যালয়ৰ ৭৫ জন ছাত্ৰ-ছাত্ৰীক কঢ়িয়াই স্কুলবাছখনে জৌনপুৰৰ পৰা গৈ থকা সময়তে হঠাৎ বাছৰ সন্মুখত উপস্থিত হয় দুজন বাইক আৰোহী।

আকস্মিকভাৱে বাছৰ সন্মুখত অহা বাইক আৰোহী দুজনক বচাবলৈ চেষ্টা কৰোতেই নিয়ন্ত্ৰণ হেৰুৱাই স্কুলবাছখন বাগৰি পৰে।

এই দুৰ্ঘটনাটোত দুজন ছাত্ৰৰ ঘটনাস্থলীতে মৃত্যু ঘটাৰ লগতে আন ডজনৰো অধিক ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে আহত হয়।

পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত ছাত্ৰ-ছাত্ৰী কেইজনক নিকটৱৰ্তী হাস্পতাললৈ প্ৰেৰণ কৰে।

আহত একাধিক শিশুৰ অৱস্থা সংকটজনক বুলি জানিবলৈ দিয়ে চিকিৎসকে।