শোকাবহ! বহিঃৰাজ্যত পথ দুৰ্ঘটনাত মৃত্যু ডেলিভাৰী বয় হিচাপে কৰ্মৰত অসমীয়া যুৱকৰ, শোকস্তব্ধ পৰিয়াল

নিউজ ডেস্কঃ কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল অসমৰ এজন যুৱকে। কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ অন্তৰ্গত কাটানপুৰৰ এজন যুৱক বাংগালুৰুত এক শোকাবহ পথ দুৰ্ঘটনাত মৃত্যুক সাৱটি লয়। বাংগালুৰুত ডেলিভাৰী বয় হিচাপে কাম কৰি থকা ছোহেল আহমেদ নামৰ যুৱকজনৰ মৃত্যুৰ খবৰ লাভ কৰি শোকস্তব্ধ হৈ পৰিছে পৰিয়াল।

জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা ছোহেলে কৰ্তব্যৰ অন্তত বাইকেৰে উভতি অহাৰ সময়ত বেংগালুৰু চহৰৰ বোমমনাহল্লী অঞ্চলত দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত যুৱকজনক আৰক্ষী আৰু স্থানীয় লোকে উদ্ধাৰ কৰি হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

assam boy died bengaluru
শোকাবহ! বহিঃৰাজ্যত পথ দুৰ্ঘটনাত মৃত্যু ডেলিভাৰী বয় হিচাপে কৰ্মৰত অসমীয়া যুৱকৰ, শোকস্তব্ধ পৰিয়াল 2

অন্যহাতে ছোহেলৰ মৃত্যুৰ পিছত বাংগালুৰুত থকা অসমীয়া সমাজে ধন সংগ্ৰহ কৰি অসমলৈ প্ৰেৰণৰ ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি, যুৱকজনৰ মৃতদেহ বিমানযোগে বাংগালুৰৰ পৰা ত্ৰিপুৰাৰ আগৰতলালৈ আনি তাৰ পৰা শনিবাৰে স্বগৃহলৈ প্ৰেৰণ কৰা হ’ব।

উল্লেখযোগ্য যে এই বছৰ বাংগালুৰুত বৰাক উপত্যকাৰ কমেও চাৰিজন ব্যক্তিৰ (সুহেল আহমেদকে ধৰি) মৃত্যু হৈছে। কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত মাগুৰাচেৰাৰ এজন যুৱকৰ ৰহস্যজনক পৰিস্থিতিত আগষ্ট মাহত বাংগালুৰুৰ এখন চিকিৎসালয়ত মৃত্যু হৈছিল।