শোকাবহ! বন্ধুৰ সৈতে বনভোজ খাবলৈ গৈ নৈত সলিল সমাধি স্নাতকৰ ছাত্ৰ ৰাহুলৰ…

নিউজ ডেস্কঃ চিৰাঙত শোকাবহ ঘটনা।

বন্ধুৰ সৈতে বনভোজ খাবলৈ গৈ গা ধুবলৈ নামোতেই সলিল সমাধি এগৰাকী ছাত্ৰৰ।

চিৰাঙৰ পানবাৰী ৰেঞ্জৰ ৰাণীঘাট হাকুৱা নদীত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা।

নিহত যুৱকজনক সৰভোগৰ নুনতোলাৰ শিক্ষক নিকুঞ্জ মজুমদাৰৰ পুত্ৰ ৰাহুল মজুমদাৰ বুলি চিনাক্ত কৰা হৈছে।

নিহত ৰাহুল বৰনগৰ কলেজৰ স্নাতক মহলৰ প্ৰথম বৰ্ষৰ ছাত্ৰ আছিল।

জানিব পৰা মতে, বন্ধুৰ সৈতে বনভোজ খাবলৈ গৈ হাকুৱা নদীত গা ধুবলৈ নামিছিল যুৱকজনে।

a166d04e f869 4a62 a1f9 13d5f83ee724

কিন্তু নৈৰ দ পানীত পৰি সলিল সমাধি ঘটে যুৱকজনৰ।

পিছত ঘটনাস্থলীত আৰক্ষী আৰু এছডিআৰএফ বাহিনী উপস্থিত হৈ নৈৰ বুকুৰ পৰা উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ।

ৰাহুলৰ মৃত্যুৱে পৰিয়ালৰ লগতে বন্ধু মহলক শোকস্তব্ধ কৰি তুলিছে।