fbpx
অসমীয়াৰাষ্ট্ৰীয়

শোকাবহ! বন্ধুৰ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানলৈ অহাৰ সময়তে ভয়ংকৰ দুৰ্ঘটনা, ৩ বন্ধুৱে একেলগে হেৰুৱালে প্ৰাণ…

নিউজ ডেস্কঃ বন্ধুৰ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানলৈ আহি থকা সময়তে এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাবলগীয়া হ’ল ৩ বন্ধুৱে।

এই মৰ্মান্তিক পথ দুৰ্ঘটনা সংঘটিত হয় ৰাজস্থানৰ বনছাৰৰ হেজামল পথত।

তিনি বন্ধুৱে যাত্ৰা কৰা বাহনখনত বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰবেগী ট্ৰেইলাৰ ট্ৰাকে প্ৰচণ্ড জোৰে খুন্দা মৰাত থিতাতে প্ৰাণ হেৰুৱায় তিনিওজনে।

জানিব পৰা মতে, গুজৰাটৰ সুখচৰৰ নিৱাসী তিনি বন্ধুৱে ৰাজস্থানৰ বনছাৰত থকা বন্ধুৰ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানলৈ আহি আছিল।

পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তিনিওজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰে।

ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত ট্ৰেইলাৰখনৰ চালকজনক।

Related Articles

Back to top button