fbpx
অসমীয়াৰাষ্ট্ৰীয়

শোকাবহ! বনজুই নিৰ্বাপনৰ চেষ্টা কৰি গুৰুতৰভাৱে অগ্নিদগ্ধ বনৰক্ষী, হাস্পতালত মৃত্যু

নিউজ ডেস্কঃ অৰণ্যত সংঘটিত হোৱা বনজুই নিৰ্বাপনৰ সময়ত অগ্নিদগ্ধ হৈ চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি ল’বলগীয়া হ’ল এগৰাকী বনৰক্ষীয়ে।

ইফালে সেই ভয়াবহ অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ বৰ্তমানো হাস্পতালত জীৱন মৃত্যুৰ সৈতে যুঁজি আছে আন এগৰাকী ডিএফআৰঅ’ই।

জানিব পৰা মতে, বৃহস্পতিবাৰে অৰ্থাৎ ১৬ ফেব্ৰুৱাৰীত কৰ্ণাটকৰ হাছান জিলাৰ সাক্লেশপুৰ তালুকৰ কাদুমনে বাগিচাৰ সমীপৰ অনিবীডু বনাঞ্চলত সংঘটিত হৈছিল বনজুই।

সেই বনজুই নিৰ্বাপনৰ সময়ত দেহৰ ৬৫ শতাংশ অগ্নিদগ্ধ হৈছিল বনৰক্ষী সুন্দৰেশ আৰু উপ বন ৰেঞ্জ বিষয়া মঞ্জুনাথ।

দুয়োকে লগে লগে বাংগালুৰৰ ছেইণ্ট জন হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে শনিবাৰে মৃত্যু ঘটে বনৰক্ষী সুন্দৰেশৰ।

শিৱমোগ্গাৰ থিৰথাহল্লী তালুকৰ নিৱাসী সুন্দৰেশৰ মৃত্যুৰ পিছতে এতিয়া শোকত ভাগি পৰিছে তেওঁৰ পত্নী আৰু পৰিয়াল।

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্বাইয়ো বনৰক্ষীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!