
নিউজ ডেস্কঃ কণমানি পুত্ৰক লগত লৈ বজাৰলৈ যোৱাৰ সময়তে তীব্ৰেবেগী ট্ৰাকৰ খুন্দাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল মাতৃ-পুত্ৰই।
মঙলবাৰে পুৱা এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় হিমাচলপ্ৰদেশৰ উনা জিলাত?
জিলাখনৰ বঙানা মহকুমাৰ নানাৱিন গাঁৱত পুৱা এখন মটৰ চাইকেলত তীব্ৰবেগী এখন ট্ৰাকে খুন্দা মৰাত থিতাতে প্ৰাণ হেৰুৱায় এগৰাকী মহিলাৰ লগতে তেওঁৰ ৬ বছৰীয়া পুত্ৰই।
এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় মহিলাগৰাকীৰ স্বামীও।
নিহত মহিলাগৰাকীক পঞ্জাৱৰ পাটিয়ালা জিলাৰ ৰাজপুৰাৰ নিৱাসী স্বৰ্ণ কৌৰ (৩৩) আৰু তেওঁৰ পুত্ৰক বংশপ্ৰীত বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে, হিমাচল প্ৰদেশত কৰ্মসূত্ৰে থকা পৰিয়ালটোৱে মঙলবাৰে পুৱা মটৰ চাইকেলেৰে বজাৰ কৰিবলৈ যোৱাৰ পিছতে এই দুৰ্ঘটনা সংঘটিত হয়।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।