fbpx
অসমীয়াৰাষ্ট্ৰীয়

শোকাবহ! বজাৰ কৰিবলৈ যোৱাৰ পথতে বালিভৰ্তি ট্ৰেক্টৰে মহটিয়াই লৈ গ’ল ৩ কিশোৰক, দুই ভাতৃৰ মৃত্যু…

নিউজ ডেস্কঃ বাইকেৰে বজাৰ কৰিবলৈ যোৱাৰ পথতে তীব্ৰবেগী ট্ৰেক্টৰৰ খুন্দাত মৃত্যুক সাৱটিলে দুই ভাতৃয়ে।

এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশৰ আলীগড়ৰ গাংগিৰীৰ ভিলেট ৰাম নগৰত।

জানিব পৰা মতে, ভিলেট ৰাম নগৰৰ নিৱাসী দুই ভাতৃ ৰোহিত (১০) আৰু ছোটে লাল (১৪)ৰ লগতে গাঁওখনৰে নিৱাসী সন্তোষে একেলগে বাইকেৰে তেহৰা মোৰলৈ বজাৰ কৰিবলৈ গৈছিল।

তিনিওজনে একেলগে গৈ থকা সময়তে দিনৰ প্ৰায় ২ বজাত বিপৰীত দিশৰ পৰা অহা এখন বালিভৰ্তি ট্ৰেক্টৰে তিনিওজনক মহটিয়াই নিয়ে।

ভয়ংকৰ দুৰ্ঘটনাত ৰোহিত আৰু ছোটেলালৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে সন্তোষ গুৰুতৰভাৱে আহত হয়।

ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই সেই স্থানৰ পৰা পলায়ন কৰে ট্ৰেক্টৰ চালকজনে।

পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হোৱাত অভিযুক্ত চালকজনক শীঘ্ৰে কৰায়ত্ব কৰাৰ দাবীৰে স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে।

দুই ভাতৃৰ কৰুণ মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে পৰিয়ালটোক।

Related Articles

Back to top button