fbpx
অসমীয়াঅসম

শোকাবহ! ফোনত কথা পাতি পাতি অন্যমনস্ক হৈ ৰে’লপথ পাৰ হোৱাৰ সময়তে তীব্ৰবেগী ৰে’লে নিলে মহটিয়াই, মহাবিদ্যালয়ৰ উপাধ্যক্ষৰ মৃত্যু

নিউজ ডেস্কঃ সন্ধিয়া বজাৰ কৰি ঘৰলৈ ওভতাৰ পথত ৰে’ল লাইন পাৰ হোৱাৰ সময়তে তীব্ৰবেগী ৰে’লৰ খুন্দাত মৃত্যুক সাৱটি ল’লে সৰুপেটা বিএইচবি মহাবিদ্যালয়ৰ উপাধ্যক্ষ তথা অৰ্থনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ দুৰ্গেশ্বৰ বৰ্মনে।

এই ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ সৰুপেটা আৰু বিজনী উভয় অঞ্চলতে।

জানিব পৰা মতে, উপাধ্যক্ষগৰাকীয়ে শুকুৰবাৰে সন্ধিয়া বিজনী বজাৰত বজাৰ কৰি কিছু দূৰৈৰ ঘৰলৈ চাইকেলেৰে উভতিছিল।

সন্ধিয়া প্ৰায় ৬.৪০ বজাত তেওঁ ৰে’ল ক্ৰছিং পাৰ হোৱাৰ সময়তে উজনিমুৱা লোহিত এক্সপ্ৰেছ ৰে’লখনে দুৰ্গেশ্বৰ বৰ্মনক চাইকেলসহ মহটিয়াই নিয়ে।

প্ৰত্যক্ষদৰ্শীৰ মতে, ৰে’ল ক্ৰছিং পাৰ হোৱাৰ সময়ত উপাধ্যক্ষগৰাকীয়ে ফোনত কথা পাতি অন্যমনস্ক হৈ থকাৰ বাবেই সংঘটিত হয় এই দুৰ্ঘটনা।

অৱসৰলৈ মাত্ৰ এটা বছৰ বাকী থকা সময়তে ছাত্ৰ-ছাত্ৰীৰ মাজত জনপ্ৰিয় অধ্যাপকগৰাকীৰ এনে অকাল বিয়োগে মৰ্মাহত কৰিছে সকলোকে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!