নিউজ ডেস্কঃ প্ৰাতঃভ্ৰমণৰ সময়তে তীব্ৰবেগী বাহনৰ খুন্দাত প্ৰাণ হেৰুৱালে এগৰাকী টেক কোম্পানীৰ চিইঅ’ই।
দেওবাৰে পুৱা মুম্বাইৰ ৱাৰ্লি ছি ফেচত প্ৰাতঃভ্ৰমণ কৰি থকাৰ সময়তে এখন তীব্ৰবেগী বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যু ঘটে মুম্বাইস্থিত টেক ফাৰ্ম অল্ট্ৰুইজ টেকন’লজিছৰ চিইঅ’ ৰাজলক্ষ্মী বিজয়ৰ।
জানিব পৰা মতে, কৰ্ম ব্যস্ততাৰ মাজতো মাৰাথান দৌৰি অহা ৰাজলক্ষ্মী বিজয়ে শেহতীয়াকৈ ২০২৩ চনৰ টাটা মুম্বাই মাৰাথনত অংশ লৈছিল।
সদায়ৰ দৰে তেওঁ দেওবাৰে পুৱাই প্ৰাতঃভ্ৰমণলৈ ওলাই অহাৰ পিছতে এই দুৰ্ঘটনা সংঘটিত হয়।
ইতিমধ্যে আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা চালকজনক জিম্মাত লৈ তদন্ত আৰম্ভ কৰিছে।