fbpx
অসমীয়াৰাষ্ট্ৰীয়

শোকাবহ! প্ৰাক বিবাহ অনুষ্ঠান সম্পন্ন কৰি ঘৰলৈ ওভতাৰ পথতে নিয়ন্ত্ৰণ হেৰুৱাই বাইকৰ ওপৰত বাগৰি পৰিল পিকআপ বাহন, ৪ জনৰ মৃত্যু

নিউজ ডেস্কঃ বিয়াৰ তিলক অনুষ্ঠানৰ পৰা উভতি অহাৰ পথতে নিয়ন্ত্ৰণ হেৰুৱাই বাইক আৰোহীৰ ওপৰত বাগৰি পৰিল পিকআপ বাহন।

এই ভয়ংকৰ দুৰ্ঘটনাত ৪ জন লোকৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে গুৰুতৰভাৱে আহত আন ৩ জন লোক।

দুৰ্ঘটনাটো সংঘটিত হয় বিহাৰৰ গোপালগঞ্জ জিলাৰ ফুলৰিয়া থানা এলেকাৰ মিশ্ৰবতৰাহা গাঁঁৱৰ সমীপৰ মিৰগঞ্জ-ভোৰ ঘাইপথত।

জানিব পৰা মতে, কালোপৰ নিৱাসী এটা পৰিয়ালে বিয়াৰ তিলক অনুষ্ঠান সম্পন্ন কৰি পিকআপ বাহনেৰে ঘৰলৈ উভতি আহিছিল।

সেই সময়তে তেওঁলোকৰ বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই এখন বাইকৰ ওপৰত বাগৰি পৰে।

যাৰ ফলত বাইক আৰোহী দুয়োজন যুৱকৰ থিতাতে মৃ্ত্যু ঘটাৰ বিপৰীতে মৃত্যু ঘটে পিকআপ বাহনখনত থকা দুজন লোকৰো।

নিহত সকলক বাইক আৰোহী মিৰগঞ্জ থানাৰ অন্তৰ্গত ছি গাঁৱৰ ৰবি কুমাৰ (২৩) আৰু ওম প্ৰকাশ কুমাৰ (২৫) বুলি চিনাক্ত কৰা হৈছে।

আনহাতে নিহত আন দুজনক মিশ্ৰ বতৰাহাৰ নিৱাসী বিশ্বনাথ চৌহান (৫০) আৰু অমৰজিত চৌহান (৩৫) বুলি চিনাক্ত কৰা হৈছে।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত ৩ জনক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!