শোকাবহ! প্ৰশিক্ষণৰ সময়ত আকাশমাৰ্গত পেৰাছুট খোল নোখোৱাৰ বাবেই পুনৰ শ্বহীদ হ’ল আন এগৰাকী সেনা জোৱান…

নিউজ ডেস্কঃ প্ৰশিক্ষণৰ সময়ত আকাশ মাৰ্গত পেৰাছুট খোল নোখোৱাৰ বাবে শ্বহীদ হ’ল আন এগৰাকী সেনা জোৱান। এই শোকাবহ ঘটনা সংঘটিত হয় শনিবাৰে।

লেহত প্ৰশিক্ষণ গ্ৰহণ কৰি থকাৰ সময়তে শনিবাৰে বিয়লি প্ৰায় ১ বজাত আকাশ মাৰ্গৰ পৰা মাটিত পৰি শ্বহীদ হয় সেনা জোৱান সুৰজপাল পচৌৰী (৩০)।

শ্বহীদ জোৱানগৰাকীৰ ঘৰ উত্তৰ প্ৰদেশৰ হাথৰছ জিলাৰ নন্দৰাম নাগৰীয়া গাঁৱত বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি ভাৰতীয় সেনা বাহিনীত কমাণ্ডো হিচাপে কৰ্মৰত সুৰজপালৰ প্ৰশিক্ষণ চলি আছিল লেহত।

photo1662897121
শোকাবহ! প্ৰশিক্ষণৰ সময়ত আকাশমাৰ্গত পেৰাছুট খোল নোখোৱাৰ বাবেই পুনৰ শ্বহীদ হ’ল আন এগৰাকী সেনা জোৱান… 3

শনিবাৰে তেওঁৰ পেৰাচুট প্ৰশিক্ষণ চলিছিল। সেই সময়ত তেওঁ বিমানৰ পৰা জঁপিয়াই পৰে যদিও দুৰ্ভাগ্যবশতঃ তেওঁৰ পেৰাছুটটো খোল নোখোৱাত শ্বহীদ হ’বলগীয়া হয় জোৱানগৰাকী।

ইফালে জোৱানগৰাকী শ্বহীদ হোৱাৰ খবৰ পৰিয়ালে লাভ কৰাৰ পিছতে শোকৰ বন্যা নামে পৰিয়াল তথা সমগ্ৰ অঞ্চলটোত। তিনি সন্তানৰ পিতৃ সুৰজপাল পচৌৰীৰ নশ্বদ দেহ দেওবাৰে সন্ধিয়া স্বগৃহলৈ অনা হ’ব। তাৰ পিছতে সামৰিক মৰ্যাদাৰে জন্মভূমিত শেষকৃত্য সম্পন্ন কৰা হ’ব শ্বহীদ জোৱানজনৰ।

photo1662896971
শোকাবহ! প্ৰশিক্ষণৰ সময়ত আকাশমাৰ্গত পেৰাছুট খোল নোখোৱাৰ বাবেই পুনৰ শ্বহীদ হ’ল আন এগৰাকী সেনা জোৱান… 4

উল্লেখ্য যে, ইয়াৰ পূৰ্বে লাডাখৰ পেৰা কমাণ্ডো প্ৰশিক্ষণৰ সময়ত পেৰাছুট খোল নোখোৱাৰ বাবেই শ্বহীদ হ’বলগীয়া হৈছিল হাথৰছৰ আন এগৰাকী জোৱান হৰবীৰ সিং। শ্বহীদ জোৱানজনৰ ঘৰ আছিল হাথৰছৰ সদাবাদত।