শোকাবহ! প্ৰধান শিক্ষকৰ কাৰ্যালয়ৰ পৰা আইৰণ টেবলেট চুৰি কৰি সহপাঠীৰ সৈতে লগালে বাজী, একেলগে ৪৫টা টেবলেট খাই মৃত্যু ১৩ বছৰীয়া ছাত্ৰীৰ…

নিউজ ডেস্কঃ সহপাঠীৰ সৈতে লগোৱা বাজীত একেলগে ৪৫টা আইৰণ টেবলেট খাই মৃত্যুক সাৱটি ল’লে ১৩ বছৰীয়া এগৰাকী ছাত্ৰীয়ে।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে তামিলনাডুৰ কণ্ডালৰ উটি পৌৰসভাৰ এখন বিদ্যালয়ত।

নিহত ছাত্ৰীগৰাকীৰ নাম জয়বা ফাতিমা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, উৰ্দু মধ্য বিদ্যালয়ৰ ছাত্ৰ জয়বাই আন ৫ জন সহপাঠীৰ সৈতে এক বাজী লগাইছিল।

এই বাজী আছিল- কোনে কিমান আইৰণ টেবলেট খাব পাৰে।

বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰিবলৈ প্ৰধান শিক্ষকৰ কাৰ্যালয়ত মজুত কৰি ৰখা আইৰণ টেবলেট চুৰি কৰিছিল জয়বা আৰু সহপাঠী কেইজনে।

ইফালে এই আইৰণ টেবলেট সেৱনৰ পিছতে বমি আৰু মূৰ ঘূৰণিত আক্ৰান্ত হোৱা জয়বা আৰু আন ৫ সহপাঠীক বিদ্যালয় কৰ্তৃপক্ষই হাস্পতালত ভৰ্তি কৰোৱায়।

কিন্তু জয়বাসহ ৪ জনৰ অৱস্থা গুৰুতৰ হোৱাত তেওঁলোকক পৰৱৰ্তী সময়ত কয়ম্বটুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

কিন্তু জয়বা ফাতিমাৰ অৱস্থাৰ অধিক অৱনতি ঘটাত তাৰ পৰা পিছত ছাত্ৰীগৰাকীক প্ৰেৰণ কৰা হয় চেন্নাইৰ ষ্টেনলি মেডিকেল কলেজলৈ।

কিন্তু হাস্পতাল পোৱাৰ পূৰ্বেই মৃত্যু ঘটে ১৩ বছৰীয়া ছাত্ৰীগৰাকীৰ।

জানিব পৰা মতে, আইৰণ টেবলেট খোৱাৰ বাজীত জয়বাই ৪৫টা টেবলেট সেৱন কৰিছিল।