
নিউজ ডেস্কঃ হাৰ কঁপোৱা জাৰৰ পৰা ৰক্ষা পৰি সুখৰ এঘুমতি মাৰিবলৈ গেছ হিটাৰ চলাই শোৱাৰ ভয়ংকৰ পৰিণাম ভুগিবলগীয়া হ’ল এহাল দম্পতীয়ে।
গেছ হিটাৰৰ ফলত শ্বাসৰুদ্ধ হৈ মৃত্যু ঘটে দম্পতীহালৰ। আনহাতে সংকটজনক অৱস্থাত এতিয়াও চিকিৎসাধীন হৈ আছে তেওঁলোকৰ কণমানি সন্তান।
এই শোকাবহ ঘটনা সংঘটিত উত্তৰ প্ৰদেশৰ সম্বল জিলাত।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, শনিবাৰে পুৱা দম্পতীহালে বহু সময় ধৰি ঘৰৰ দুৱাৰ নোখোলাত চুবুৰীয়াই সন্দেহ কৰি আৰক্ষীক খবৰ দিয়ে।
পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুৱাৰ ভাগি ভিতৰত প্ৰৱেশ কৰাত অচেতন অৱস্থাত উদ্ধাৰ কৰে পতি-পত্নী আৰু সন্তানটোক।
লগে লগে আৰক্ষীয়ে তিনিওকে হাস্পতাললৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে দম্পতীহালক।
নিহত দম্পতীহালৰ পৰিচয় মহম্মদ ছলমান (২৮) আৰু পত্নী মেহৰাজ বেগম (২৩) বুলি চিনাক্ত কৰা হৈছে।
গোটেই নিশা গেছ হিটাৰ চলাই শুই থকাৰ ফলত শ্বাসৰুদ্ধ হৈ দম্পতীহালৰ মৃত্যু ঘটা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।