fbpx
অসমীয়াৰাষ্ট্ৰীয়

শোকাবহ! পোহনীয়া কুকুৰ পোৱালিক বচাবলৈ যাওতেই দুৰ্ঘটনাত পতিত যুৱক, মৃত্যু

নিউজ ডেস্কঃ পুহিবলৈ বুলি অনা কুকুৰৰ পোৱালিক বচাবলৈ গৈয়েই পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটিবলগীয়া হ’ল এজন যুৱকে।

এই শোকাবহ ঘটনা সংঘটিত হৈছে চেন্নাইত।

নিহত যুৱকজনৰ পৰিচয় কে দ্বীপন (২৮) বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, পেছাত এগৰাকী অটো ৰিক্সা চালক দ্বীপনে সন্তানৰ দাবীত এটা কুকুৰ পোৱালি ক্ৰয় কৰি সোমবাৰে স্কুটীৰে ঘৰলৈ উভতিছিল।

কিন্তু অহাৰ সময়ত কল্লিকুপ্পামৰ ওচৰৰ ৰেড হিলছ পথত কুকুৰ পোৱালিটো গাড়ীৰ পৰা পৰি যোৱাৰ পৰা বচাবলৈ চাওতেই নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা অহা এখন চাৰিচকীয়া বাহনত খুন্দা মাৰে দ্বীপনে।

দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজনক লগে লগে স্থানীয় লোকে হাস্পতালত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

সন্তানৰ দাবী পূৰণ কৰিবলৈ গৈ এনেদৰে পথ দুৰ্ঘটনাত যুৱকজনৰ মৃত্যু ঘটাত এতিয়া শোকত ভাগি পৰিছে পৰিয়াল।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!