শোকাবহ! পুৱা কৰ্মস্থলীলৈ গৈ থকাৰ সময়তে সংঘটিত দুৰ্ঘটনা, ৭ শ্ৰমিকৰ মৃত্যু, আহত ৪ জন

নিউজ ডেস্কঃ পুৱা ঘৰৰ পৰা ওলাই কৰ্মস্থালী অভিমুখে গৈ থকা সময়তে শোকাবহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৭ গৰাকীকৈ শ্ৰমিকৰ। এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ বেলাগাৱী জিলাত।

জানিব পৰা মতে, দেওবাৰে পুৱা বেলাগাৱী জিলাৰ বেলাগানী-গোকক পথত সংঘটিত হয় এই দুৰ্ঘটনা। এখন যাত্ৰীবাহী টেক্স ক্ৰুজাৰ দলঙৰ পৰা বাগৰি পৰাত নিহত হয় ৭ জনকৈ লোকৰ। ইফালে দুৰ্ঘটনাটোত ৪ জন লোক আহত হয়।

আৰক্ষীৰ মতে, পুৱা প্ৰায় ৯:২০ বজাত শ্ৰমিক কেইজন আক্কাটাংগিয়াৰা হাল্লা গাঁৱৰ পৰা বেলাগাৱী চহৰলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই ঘটনা।

image 243
শোকাবহ! পুৱা কৰ্মস্থলীলৈ গৈ থকাৰ সময়তে সংঘটিত দুৰ্ঘটনা, ৭ শ্ৰমিকৰ মৃত্যু, আহত ৪ জন 3

প্ৰাথমিক তদন্ত অনুসৰি, আন এখন বাহন অভাৰটেক কৰিবলৈ চেষ্টা কৰাৰ সময়ত চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু এখন দলঙত খুন্দা মাৰে। ইয়াৰ পিছতে দলঙৰ পৰা বাগৰি পৰে বাহনখন। ৭ জন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে ৪ জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

image 244
শোকাবহ! পুৱা কৰ্মস্থলীলৈ গৈ থকাৰ সময়তে সংঘটিত দুৰ্ঘটনা, ৭ শ্ৰমিকৰ মৃত্যু, আহত ৪ জন 4

নিহত সকলক আদিবেপ্পা চিলামবাৱী (২৭), বসৱৰাজ দলাৱী (৩০), বসৱৰাজ হনুমান্নৱৰা (৫১), আকাশ গস্তি (২২), ফকিৰাপ্পা হৰিজানা (৫৫), মল্ল্লাপ্পা দাসনসেট্টি (৩০) আৰু বাসৱৰাজ সনাদি (৩৫) বুলি চিনাক্ত কৰা হৈছে।

ইফালে দুৰ্ঘটনাত শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰা বাসৱৰাজ বোম্বাই নিহত সকলৰ পৰিয়াললৈ ৫ লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদানৰ ঘোষণা কৰে।