শোকাবহ! পুৱতি নিশাৰ ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু প্ৰধান শিক্ষক ধীৰু ডেকাৰ…

নিউজ ডেস্কঃ তেজপুৰৰ শালনীবাৰীৰ পুৱতি নিশা ভয়ানক পথ দুৰ্ঘটনা।

বলেৰ পিক্আপ আৰু টাটা মেজিক বাহনৰ মুখামুখি সংঘৰ্ষত নিহত এগৰাকী শিক্ষক।

আনহাতে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আন এজন লোক।

দুৰ্ঘটনাত নিহতজনক পূব ঢকুৱাখনাৰ বৰবিল প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা ঢকুৱাখনা সৰ্বশিক্ষা অভিযানৰ নিষ্ঠাবান চিআৰচিচি ধীৰু ডেকা বুলি জানিব পৰা গৈছে।

তেজপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

দুৰ্ঘটনাত পতিত টাটা মেজিক বাহনখনৰ নম্বৰ এএছ ০৭বিচি ৫৮৮৬ আৰু বলেৰ পিক্আপখনৰ নম্বৰ এএছ ১২চিচি ১২৮৯।

ইতিমধ্যে নিহত ধীৰু ডেকাৰ মৃতদেহ তেজপুৰ সদৰ থানাৰ আৰক্ষীয়ে তেজপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

জানিব পৰা মতে, নিহত ডেকাই এক ব্যৱসায়িক কামত মালবাহী বাহনেৰে তেজপুৰ অভিমুখে মঙ্গলবাৰে যাত্ৰা কৰিছিল।

তেওঁৰ লগত অৰূপ বৰপাত্ৰ নামৰ এগৰাকী সহযোগী যুৱকৰ সতে যাত্ৰা কৰা ডেকাৰ বাহন খন বিশ্বনাথ-তেজপুৰ ৰাষ্ট্ৰীয় ঘাই পথৰ শালনীবাৰীত বুধবাৰে পুৱতি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয়।

ফলত দুৰ্ঘটনাত থিতাতে নিহত হয় প্ৰধান শিক্ষক ধীৰু ডেকা।

উল্লেখ্য যে মৃত ধীৰু ডেকা ঢকুৱাখনাত গুণগত আনুষ্ঠানিক শিক্ষা প্রসাৰণৰ লগতে এগৰাকী নীতি নিষ্ঠ চি আৰ চি চিৰ লগতে এগৰাকী দক্ষ ফটোগ্ৰাফাৰ হিচাপেও পৰিচিত আছিল।

ডেকাৰ আকস্মিক বিয়োগৰ খবৰে সমগ্ৰ ঢকুৱাখনাবাসীক শোকত ম্ৰিয়মান কৰি তুলিছে।