fbpx
অসমীয়াৰাষ্ট্ৰীয়

শোকাবহ! পথ পাৰ হোৱাৰ সময়তে দ্ৰুতবেগী বাইকৰ খুন্দা মহিলাক, বাইক আৰোহীসহ মহিলাৰ মৃত্যু…

নিউজ ডেস্কঃ পুৱাই দ্ৰুতবেগী বাইকে মহটিয়াই নিয়াৰ ফলত মৃত্যু এগৰাকী মহিলাৰ।

শনিবাৰে পুৱা কেৰালাৰ তিৰুৱান্তপুৰমৰ বাঝামুটমত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাৰ পিছত দেওবাৰে চিকিৎসাধীন অৱস্থাত মৃত্য ঘটে বাইক আৰোহী যুৱকজনৰো।

নিহত যুৱকজনক পট্টাকুঝিৰ ২৫ বৰ্ষীয় অৰবিন্দ বুলি চিনাক্ত কৰা হৈছে।

ঘটনাৰ বিৱৰণী অনুসৰি, শনিবাৰে পুৱা বাঝামুটমত পথ পাৰ হোৱাৰ সময়তে এগৰাকী মহিলাক প্ৰচণ্ড জোৰে খুন্দা মাৰে দ্ৰুতবেগী বাইকে।

এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে মৃত্যু ঘটে বাঝামুটমৰ নিৱাসী সন্ধ্যা (৫৫) নামৰ মহিলাগৰাকী।

ইফালে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত বাইক আৰোহী যুৱকজনক স্থানীয় লোকে লগে লগে হাস্পতালত ভৰ্তি কৰোৱায় যদিও চিকিৎসাধীন অৱস্থাতে দেওবাৰে সন্ধিয়া মৃত্যু ঘটে তেওঁৰো।

দুৰ্ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!