অসম

শোকাবহ পথ দুৰ্ঘটনা! তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল বাইক আৰোহী মুকুলৰ…

এক শোকাৱহ পথ দুৰ্ঘটনা।

তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল এগৰাকী বাইক আৰোহীৰ।

শিৱসাগৰৰ নামতিত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

নিহত বাইক আৰোহীজন তেঙেৰীপাম কোষাৰগাঁৱৰ বাসিন্দা মুকুল এৰফে মহেন্দ্ৰ চুতীয়া বুলি জানিব পৰা গৈছে।

জানিব পৰামেত নাজিৰা দিশৰ পৰা আহি থকা AS 04 BC5447 নম্বৰৰ তীব্ৰবেগী ডাম্পাৰখনে একে দিশেৰে আহি থকা AS04Q 8140 নম্বৰৰ বাইকখনক প্ৰচণ্ড খুন্দা মৰাৰ ফলতে ঠাইতে মৃত্যু ঘটে মহেন্দ্ৰ চুতীয়া নামৰ লোকজনৰ।

স্থানীয় ৰাইজৰ সহযোগত ডাম্পাৰখনৰ চালক-হেণ্ডিমেনক আটক কৰে আৰক্ষীয়ে।

নিহতৰ পৰিয়াললৈ সাহায্যৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজৰ।

Related Articles

Back to top button