fbpx
অসমীয়াঅসম

শোকাবহ! পথৰ দুৰাৱস্থাৰ বাবে উফৰি পুখুৰীত পৰিল যাত্ৰীবাহী টেম্প’, নিহত এজন…

নিউজ ডেস্কঃ মানকাচৰৰ পিপুলবাৰীত ভয়ংকৰ দুৰ্ঘটনা।

পথৰ পৰা উফৰি পুখুৰীত সোমাল এখন যাত্ৰীবাহী টেম্প’।

পথৰ দুৰাৱস্থাৰ বাবেই নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত পৰে টেম্প’খন।

শোকাবহ দুৰ্ঘটনাত নিহত টেম্প’খনৰ চালকজন।

নিহত চালকজনৰ নাম ছিদ্দিক আলী বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাত কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে আন কেইবাজনো লোক।

জানিব পৰা মতে, দুৰ্ঘটনাৰ সময়ত কুকুৰমাৰাৰ পৰা পিপুলবাৰীলৈ গৈ আছিল টেম্প’খন।

ইফালে দুৰ্ঘটনাৰ পিছতে স্থানীয় লোকে আহত সকলক উদ্ধাৰ কৰি প্ৰেৰণ কৰে হাস্পতালত।

দুৰ্ঘটনাটোৱে শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।

আনহাতে পথৰ দুৰাৱস্থাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাত ক্ষোভ ব্যক্ত কৰিছে স্থানীয় ৰাইজে।

Related Articles

Back to top button