fbpx
অসমীয়াঅসম

শোকাবহ! পথাৰলৈ গৰু বিচাৰি যাওতেই বন্যহস্তীৰ আক্ৰমণত মৃত্যু মহেশ্বৰ মৰাণৰ…

নিউজ ডেস্কঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাত অব্যাহত থকাৰ সময়তে পুনৰ বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল এজনৰ।

খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু ঘটে লোকজনৰ।

এই ঘটনা সংঘটিত হৈছে তিনিচুকীয়া জিলাৰ ১নং কাকজানত।

বন্যহস্তীৰ আক্ৰমণত মৃত্যু ঘটা লোকজনৰ পৰিচয় মহেশ্বৰ মৰাণ (৬২) বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, গৰু বিচাৰি পথাৰলৈ যাওতেই বনৰীয়া হাতীয়ে আক্ৰমণ কৰে মহেশ্বৰ মৰাণক।

যাৰ ফলত থিতাতে প্ৰাণ হেৰুৱায় খেতিয়কগৰাকীয়ে।

পিছত ঘটনাস্থলীত বন বিভাগৰ লোক আৰু ফিল’বাৰী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো।

বন্যহস্তীৰ এই আক্ৰমণৰ ঘটনাই আতংকিত কৰিছে ১নং কাকজান গাঁওবাসীক।

Related Articles

Back to top button