অসমীয়াঅসম

শোকাবহ! পথাৰত বন্যহস্তীক বাধা দিবলৈ টনা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু যুৱকৰ…

নিউজ ডেস্কঃ পথাৰত বন্যহস্তীক বাধা দিবলৈ পতা ফান্দত লাগি মৃ্ত্যু ঘটিল এজন যুৱকৰ।

শুকুৰবাৰে পুৱা এই শোকাবহ ঘটনা সংঘটিত হয় তামুলপুৰ জিলাৰ নাগ্ৰীজুলিত।

জানিব পৰা মতে, নাগ্ৰীজুলিৰ বিভিন্ন প্ৰান্তত প্ৰায়ে বনৰীয়া হাতীৰ জাকে পথাৰত প্ৰৱেশ কৰি শস্য তহিলং কৰি আহিছে।

হাতীৰ এই উপদ্ৰৱৰ পৰা ৰক্ষা পৰিবলৈ বিদ্যুতৰ তাঁৰ সংলগ্ন ফান্দ পাতিছিল একাংশ লোকে।

কিন্তু দুৰ্ভাগ্যবশতঃ সেই বিদ্যুতৰ তাঁৰৰ সংস্পৰ্শলৈ আহি মৃত্যু ঘটে এজন যুৱকৰ।

জানিব পৰা মতে, নাগ্ৰীজুলিৰ নতুন খুঁটিৰ নিৱাসী বজেন্দ্ৰ নমঃ শৰ্মা নামৰ এজন ব্যক্তিৰ ঘৰৰ পিছফালে বিদ্যুৎ পৰিবাহী তাৰৰ ফান্দ পতা হৈছিল।

কিন্তু পুৱা পথাৰত পানী দিবলৈ যোৱা ৰতন দাস নামৰ যুৱকজনে ভুলবশতঃ এই তাঁৰৰ সংস্পৰ্শলৈ অহাত যুৱকজনৰ থিতাতে মৃত্যু ঘটে।

পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

এই ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

Related Articles

Back to top button