নিউজ ডেস্কঃ পথাৰত পানী দিয়া মেচিনত গা ধোৱাৰ সময়ত দুৰ্ভাগ্যবশতঃ মেচিনৰ চকাত মূৰৰ চুলি আৱদ্ধ হৈ পৰি কৰুণ মৃত্যুক সাৱটি ল’লে এগৰাকী কিশোৰীয়ে।
এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে মুকলামুৱাৰ কাউৰাখাটি চৰত।
মৃত কিশোৰীগৰাকীৰ নাম ফুলবৰ আলীৰ কন্যা তথা ষষ্ঠমান শ্ৰেণীৰ ছাত্ৰী ফৰিদা বেগম বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, কিশোৰীগৰাকীয়ে ঘৰৰ কাষৰে পথাৰত পানী দিয়া মেচিনৰ পানীত গা ধুবলৈ গৈছিল।
মেচিনৰ কাষত ঠিয় হৈ গা ধুই থাকোতেই হঠাৎ ভৰি পিচলি মেচিনটোৰ ওপৰত বাগৰি পৰে ফৰিদা।
সেই সময়তে মেচিনৰ চকাত কিশোৰীগৰাকীৰ চুলি আৱদ্ধ হৈ পৰাত চেপা খাই কৰুণ মৃত্যুক সাৱটিবলগীয়া হয় ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে।
কিশোৰীগৰাকীৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে গোটেই অঞ্চলটোতে।
লগতে চাওকঃ
পুত্ৰৰ বিৰুদ্ধে মাতৃৰ এজাহাৰৰ পিছতে সন্ধানহীন পূৰ্ণজ্যােতিৰ ৩ মাহে নাই কােনাে সন্ধান…