নিউজ ডেস্কঃ বাৰিষাৰ লগে লগে বৃদ্ধি পোৱা সাপৰ আতংকৰ মাজতে ঘগ্ৰাপাৰত বিষাক্ত সৰ্পৰ দংশনে প্ৰাণ কাঢ়িলে এজন লোকৰ। পুৱা পথাৰত কাম কৰি থকাৰ সময়তে এডাল বিষাক্ত সাপে খুঁটাৰ ফলত মৃত্যু ঘটে বৰুণ বড়ো নামৰ এগৰাকী ৪৫ বৰ্ষীয় কৃষকৰ।
জানিব পৰা মতে, নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ কাটুৰীয়াত পুৱা কৃষক বৰুণ বড়োৱে নিজৰ খেতি পথাৰত কাম কৰি আছিল। সেই সময়তে তেওঁৰ সোঁভৰিৰ কেইবা ঠাইতো দংশন কৰে বিষাক্ত সাপে।

লগে লগে বৰুণ বড়োক নলবাৰী অসামাৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও কিছুসময় চিকিৎসাৰ পিছত হাস্পতালতে মৃত্যু ঘটে খেতিয়কজনৰ।
দুই সন্তানৰ পিতৃ বৰুণ বড়োৰ মৃত্যুৱে মৰ্মাহত কৰিছে পৰিয়ালৰ লগতে অঞ্চলবাসীক। ইফালে সৰ্প দংশনত মৃত্যু ঘটিলে নৈত শৱদেহ উটুৱাই দিয়াৰ প্ৰথাৰ সলনি বৰুণ বড়োৰ মৃতদেহ সৎকাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে পৰিয়ালে।
আনহাতে পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰীজনৰ এনে আকস্মিক মৃত্যুৰ ফলত তেওঁৰ পৰিয়ালটোৰ পোহপালক লৈও চিন্তিত হৈ পৰিছে অঞ্চলবাসী।