শোকাবহ! নৈৰ পাৰলৈ পিকনিক খাবলৈ গৈ পানীত গা ধুবলৈ নামিছিল ছাকিবে, তাৰ পিছতে হৈ পৰে সন্ধানহীন

নিউজ ডেস্কঃ বন্ধুৰ সৈতে পিকনিক খাবলৈ গৈ নৈৰ বুকুত এজন যুৱক সন্ধানহীন হৈ থকাৰ খবৰে শোকৰ ছাঁ পেলাইছে সমগ্ৰ শিলচৰত। দেওবাৰে বন্ধুৰ সৈতে সিন্দুৰাত কিছু আনন্দৰ মুহূৰ্ত পাৰ কৰিবলৈ গৈ নিখোজ হৈ পৰে ছাকিব আখতাৰ লস্কৰ নামৰ যুৱকজন।

জানিব পৰা মতে, দেওবাৰে শিলচৰৰ বধুৰবন্দৰ ৱাটাৰৱৰ্কছ ৰোডৰ বাসিন্দা ছাকিব আখতাৰ লস্কৰে আন কেইজন বন্ধুৰ সৈতে কালাইনৰ সিন্দুৰা শিল কুৱেঁৰীৰ পিকনিক স্পটলৈ গৈছিল। তাৰ পিছতে ছাকিবে সিন্দুৰা নৈত নামি গা ধুই থকাৰ সময়তে সন্ধানহীন হৈ পৰে।

sakib
শোকাবহ! নৈৰ পাৰলৈ পিকনিক খাবলৈ গৈ পানীত গা ধুবলৈ নামিছিল ছাকিবে, তাৰ পিছতে হৈ পৰে সন্ধানহীন 2

ইফালে যুৱকজন নৈৰ বুকুত সন্ধানহীন হোৱাৰ বিষয়ে আৰক্ষীক অৱগত কৰাৰ পিছতে ঘটনাস্থলীত এছডিআৰএফ বাহিনী আৰু আৰক্ষীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও এতিয়ালৈকে সম্ভেদ লাভ কৰা নাই ছাকিবৰ।

বন্ধুৰ সৈতে অৱসৰৰ মুহূৰ্ত পাৰ কৰিবলৈ গৈ এনেদৰে এজন যুৱক নৈৰ বুকুত সন্ধানহীন হৈ পৰাৰ ঘটনাই অঞ্চলটোত শোকাৰ ছাঁ পেলাইছে।