শোকাবহ! নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা উফৰি পুখুৰীত পৰিল চাৰিচকীয়া বাহন, ৩ জনৰ মৃত্যু

নিউজ ডেস্কঃ নিশা নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা উফৰি দ পুখুৰীত পৰিল এখন দ্ৰুতবেগী চাৰিচকীয়া বাহন। দুৰ্ঘটনাত নিহত হয় ৩ জনকৈ লোক।

এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে বিহাৰৰ খগড়িয়া জিলাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাজিচাকৰ ওচৰত।

জানিব পৰা মতে, শুকুৰবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনা। এখন দ্ৰুতবেগী বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এটা পুখুৰীত বাগৰি পৰাত মৃত্যু ঘটে বাহনখনত থকা ৩ জন যাত্ৰীৰ।

image 6
শোকাবহ! নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা উফৰি পুখুৰীত পৰিল চাৰিচকীয়া বাহন, ৩ জনৰ মৃত্যু 2

ইফালে দুৰ্ঘটনাৰ পিছত পুৱা ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ বাহনখনৰ পৰা উদ্ধাৰ কৰে মৃতদেহ কেইটা। নিহত সকলক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই।

আৰক্ষীয়ে ইতিমধ্যে মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

দুৰ্ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।