শোকাবহ! নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ, এজনৰ মৃত্যু, আহত ২০ জন

নিউজ ডেস্কঃ হিমাচল প্ৰদেশৰ চিমলাত বুধবাৰে বিয়লি সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত মৃত্যু ঘটে এজন যুৱকৰ। এখন যাত্ৰাবাহী বাছে নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰাৰ ফলত আন ২০ জনকৈ যাত্ৰী গুৰুতৰভাৱে আহত হয়।

এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয় চিমলাৰ সমীপৰ হীৰানগৰত। জানিব পৰা মতে, কাংৰা জিলাৰ নগ্ৰোতা বাগৱানৰ পৰা চিমলালৈ আহি থকা এইছআৰটিচিৰ বাচখনে হীৰানগৰৰ লমীপক নিয়ন্ত্ৰণহীন হৈ দ খাৱৈত বাগৰি পৰাত এজন যুৱকৰ মৃত্যু ঘটে। দুৰ্ঘটনাত আহত আন ২০ জনৰ দুজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।

image 280
শোকাবহ! নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ, এজনৰ মৃত্যু, আহত ২০ জন 4

সংকটজনক দুয়োজন আহতক ইন্দিৰা গান্ধী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰি চিকিৎসা চলাই থকা হৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বিয়লি প্ৰায় ডেৰ বজাত সংঘটিত হোৱা এই দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। কিন্তু উদ্ধাৰ অভিযানত ব্যৱহৃত ক্ৰেণ বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাৰ ফলত এজন যুৱকে বাছৰ চেপাত প্ৰাণ হেৰুৱাবলগীয়া হয়।

image 281
শোকাবহ! নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ, এজনৰ মৃত্যু, আহত ২০ জন 5

বাছ কণ্ডাক্টৰ সুধীৰে জনোৱা মতে, ভুল দিশেৰে পৰা অহা এখন ট্ৰাকে বাছখনত খুন্দা মৰাৰ ফলত চালকজনে নিয়ন্ত্ৰণ হেৰুৱায় পেলায়। যাৰ ফলত শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাৰ সময়ত বাছখনত মুঠ ২৫ জন যাত্ৰী আছিল বুলি জানিব পৰা গৈছে।

image 279
শোকাবহ! নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ, এজনৰ মৃত্যু, আহত ২০ জন 6

ইফালে বৃহস্পতিবাৰে পুৱাও চিমলাত সংঘটিত আন এক বাছ দুৰ্ঘটনাত ১২ জন যাত্ৰী গুৰুতৰভাৱে আহত হয়। চিমলাৰ কোটখাই তহচিলত এখন এইছআৰটিচি বাছ পথৰ পৰা ৬০ ফুট তলৰ খেতিপথাৰত বাগৰি পৰাত আহত হয় বাছখনৰ ভিতৰত থকা ১২ জন যাত্ৰী।

জাানিব পৰা মতে, দুৰ্ঘটনাৰ সময়ত জাৰাইৰ পৰা থিওগলৈ গৈ আছিল যাত্ৰীবাহী বাছখন।