fbpx
অসমীয়াঅসম

শোকাবহ! নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ ব্যৱসায়িক প্ৰতিষ্ঠানত খুন্দা চাৰিচকীয়া বাহনৰ, যুৱকৰ মৃত্যু

নিউজ ডেস্কঃ পুৱতি নিশা নিয়ন্ত্ৰণ হেৰুৱাই চাৰিচকীয়া বাহনেৰে ব্যৱসায়িক প্ৰতিষ্ঠানত খুন্দা মাৰি অকাল মৃত্যুৱ সাৱটিবলগীয়া হ’ল এজন চফল যুৱকে।

এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় দুলীয়াজানৰ ১৬নং তিনিআলিত।

দুৰ্ঘটনাত নিহত যুৱকজনক দুলীয়াজানৰ জয়ন্ত গগৈৰ পুত্ৰ মৃণ্ময় গগৈ বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, পুৱতি নিশা মৃণ্ময়ে AS 06W 9971 নম্বৰৰ মাৰুতি ব্ৰিজা বাহনখনেৰে গৈ থকা সময়ত নিয়ন্ত্ৰণ হেৰুৱাই এখন ব্যৱসায়িক প্ৰতিষ্ঠানত প্ৰচণ্ড জোৰে খুন্দা মাৰে।

এই দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজনক আৰক্ষীয়ে উদ্ধাৰ কৰি সংকটজনক অৱস্থাত হাস্পতাললৈ নিয়াৰ পথতে মৃত্যুক সাৱটি লয় মৃণ্ময়ে।

যুৱকজনৰ অকাল মৃত্যুৱে গভীৰ শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!