শোকাবহ! নতুন বছৰৰ আৰম্ভণিতে পাতনি মেলাৰ কথা যুগ্ম জীৱনৰ, কিন্তু তাৰ পূৰ্বেই ৰহস্যজনকভাৱে জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ শিক্ষয়িত্ৰী সংগীতাৰ…

নিউজ ডেস্কঃ নতুন বছৰৰ আৰম্ভণিতে বিয়া ঠিক হৈছিল সংগীতাৰ। বিয়ালৈ দিন চমু চাপি অহাৰ লগে লগে ব্যস্ত হৈ পৰিছিল সংগীতাও।

কিন্তু নিজৰ বিয়াখনলৈ মাজত আৰু কেইটামান দিন থকা সময়তে ৰহস্যজনক ভাৱে জীৱনৰ চৰম সিদ্ধান্ত বাচি ল’লে দেৰগাঁৱৰ সংগীতাই।

সংগীতাৰ এই সিদ্ধান্তই এতিয়া শোকৰ বন্যা নমাইছে পৰিয়ালত।

উল্লেখ্য যে, দেৰগাঁও থানাৰ অন্তৰ্গত শান্তিপুৰৰ নিৱাসী উমাকান্ত নাথৰ কন্যা সংগীতা নাথ (২৭) ধনশিৰী ভেলী পাব্লিক স্কুলৰ শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত আছিল।

২০২৩ চনৰ ২৭ জানুৱাৰীত দেৰগাঁৱৰে এজন যুৱকৰ সৈতে বিয়া ঠিক হৈছিল সংগীতাৰ।

কিন্তু বিয়াখনলৈ মাজত আৰু মাত্ৰ কেইটামান দিন থকাৰ সময়তে স্বগৃহত আত্মহত্যাৰ পথ বাচি লয় শিক্ষয়িত্ৰীগৰাকীয়ে।

শুকুৰবাৰে নিশা প্ৰায় ৯ বজাত নিজৰ কোঠাত সংগীতাক চিপ লৈ থকা প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকে লগে লগে তেওঁক দেৰগাঁও সামুহিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, নিজৰ বিয়াখনক লৈ অতি উৎসাহী আছিল সংগীতাও। কিন্তু তৎসত্বেও কি কাৰণে সংগীতাই এনে এক সিদ্ধান্ত ল’লে, সেয়া এতিয়াও ৰহস্য হৈ আছে।

ইফালে পৰৱৰ্তী সময়ত সংগীতাৰ মৃতদেহ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰে।

যুৱতীগৰাকীৰ মৃত্যুৱে সমগ্ৰ দেৰগাঁৱত চাঞ্চল্যৰ সৃষ্টি কৰিছে।