fbpx
অসমীয়াৰাষ্ট্ৰীয়

শোকাবহ! নক্সালবাদীৰ আক্ৰমণত শ্বহীদ CRPFৰ জোৱান চিত্তৰঞ্জন কুমাৰ

নিউজ ডেস্কঃ ঝাৰখণ্ডত পুনৰ নক্সালবাদীৰ আক্ৰমণত শ্বহীদ হ’ল আন এগৰাকী চিআৰপিএফ জোৱান। ঝাৰখণ্ডৰ চত্ৰাত হোৱা চিআৰপিএফ আৰু নক্সালবাদীৰ সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় চি আৰ পি এফ ১৯০ বেটেলিয়নৰ জোৱান চিত্তৰঞ্জন কুমাৰ।

আহত জোৱানজনক পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে বিমানযোগে ৰাঁচালৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।

চিআৰপিএফৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, ১৮ ছেপ্টেম্বৰ দেওবাৰে ঝাৰখণ্ডৰ চতৰাত নিষিদ্ধ চি পি আই-মাওবাদী আৰু চি আৰ পি এফ জোৱানৰ মাজত তীব্ৰ সংঘৰ্ষ হয়। প্ৰতাপপুৰ থানা এলেকাৰ চতৰা-পালামু সীমান্তত অৱস্থিত বীৰমতকুম বনাঞ্চলত সংঘটিত হোৱা এনকাউণ্টাৰত আহত হয় চি আৰ পি এফৰ ১৯০ বেটেলিয়নৰ জোৱান চিত্তৰঞ্জন কুমাৰ।

jowan swahid

ইফালে এই সংঘৰ্ষকালত ৪ নক্সালবাদীৰ দেহতো গুলী লাগে যদিও সেই কেইটা পলায়ন কৰিবলৈ সক্ষম হয়। আহত জোৱানজনক প্ৰাথমিক চিকিৎসাৰ অন্তত বিমানযোগে ৰাঁচালৈ প্ৰেৰণ কৰা হয়। কিন্তু হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাতে শ্বহীদ হয় চিআৰপিএফৰ জোৱানগৰাকী।

শ্বহীদ জোৱানজনৰ নশ্বৰ দেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত স্বগৃহলৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে। ইফালে জোৱানজনৰ মৃত্যুৰ বাতৰি লাভ কৰি শোকত ভাগি পৰিছে তেওঁৰ পৰিয়াল।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!