শোকাবহ! দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল পিতা-পুত্ৰসহ একেটা পৰিয়ালৰ ৩ সদস্যৰ

নিউজ ডেস্ক। উত্তৰ প্ৰদেশৰ বালিয়া জিলাত মঙলবাৰে সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল একেটা পৰিয়ালৰ শিশুসহ ৩ সদস্যৰ।

জিলাখনৰ সিকন্দৰপুৰৰ বেলথাৰা ৰোডৰ নৱৰত্নপুৰ চাট্টিৰ সমীপত এখন দ্ৰুতবেগী ট্ৰাকে এখন বাইকত খুন্দা মৰাৰ ফলত তিনিওৰে মৃত্যু ঘটে।

নিহত সকলৰ ভিতৰত এটি ৫ বছৰীয়া শিশুও আছিল বুলি জানিব পৰা গৈছে।

1 18
শোকাবহ! দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল পিতা-পুত্ৰসহ একেটা পৰিয়ালৰ ৩ সদস্যৰ 5

আৰক্ষীয়টে ইতিমধ্যে মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

নিহত সকলক সিকন্দৰপুৰ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত মিলকী মহল্লাৰ বাসিন্দা মনোজ কুমাৰ (৩৫), তেওঁৰ পাঁচ বছৰীয়া পুত্ৰ আলোক আৰু ভতিজা ৰোহিত(১৬) বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে সদৰী কৰা মতে, পৰিয়ালটোৰ তিনি সদস্যই বাইকেৰে মপ্টিকী গাঁওলৈ গৈ থকাৰ সময়তে নৱৰতনপুৰ চাট্টিৰ সমীপত বেলথাৰা ৰোডৰ ফালৰ পৰা অহা এখন দ্ৰুতবেগী ট্ৰাকে বাইকখনক জোৰেৰে খুন্দা মাৰে। ট্ৰাকৰ খুন্দাত বাইকখন টুকুৰা টুকুৰ হৈ উফৰি পৰে।

2 12
শোকাবহ! দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল পিতা-পুত্ৰসহ একেটা পৰিয়ালৰ ৩ সদস্যৰ 6

ইফালে দুৰ্ঘটনাৰ সময়ত হোৱা প্ৰচণ্ড শব্দ শুনি স্থানীয় লোক ওলাই অহাত তিনিওকে মৃত অৱস্থাত প্ৰত্যক্ষ কৰে। লগে লগে দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত সিকন্দৰপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰে।

3 5
শোকাবহ! দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল পিতা-পুত্ৰসহ একেটা পৰিয়ালৰ ৩ সদস্যৰ 7

আনহাতে এই দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে শোকত ভাগি পৰিছে পৰিয়ালটো। একেলগে পৰিয়ালটোৰ তিনি সদস্যক হেৰুৱাই ম্ৰিয়মান হৈ পৰিছে মনোজ কুমাৰৰ পৰিয়াল।

ইফালে মনোজ কুমাৰৰ পত্নী সীমাইও স্বামী আৰু পুত্ৰক একেলগে হেৰুৱাই শোকত ভাগি পৰিছে।

লগতে চাওকঃ

প্ৰসৱৰ সময়ত মহিলাৰ মৃত্যু, চিকিৎসক দম্পতীৰ বিৰুদ্ধে ৰুজু হত্যাৰ গােচৰ আৰু তাৰ পিছত…

G1 50
শোকাবহ! দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল পিতা-পুত্ৰসহ একেটা পৰিয়ালৰ ৩ সদস্যৰ 8

Leave a Comment