
নিউজ ডেস্কঃ মাত্ৰ দুমাহ পূৰ্বে এটি মৰমলগা পুত্ৰ সন্তানৰ পিতৃ হৈছিল ভাৰতীয় সেনাৰ গ্ৰেণেডিয়াৰ বিকাশ কুমাৰ।
দুই এদিনতে ছুটি লৈ সদ্যজাত পুত্ৰৰ কাষলৈ অহাৰ কথা আছিল তেওঁ।
কিন্তু তাৰ পূৰ্বেই ছিক্কিমত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাটোৱে সকলো সপোন মোহাৰি লৈ গ’ল জোৱান বিকাশ কুমাৰৰ।
এতিয়া জোৱানগৰাকীৰ শ্বহীদ খবৰ লাভ কৰি কান্দি কান্দি অচেতন হৈ পৰিছে পত্নী আৰু পৰিয়ালৰ বাকীসকল সদস্য।
হাৰিয়ানাৰ ফাতেহাবাদ জিলাৰ ভট্টু ব্লকৰ পিলিমাণ্ডোৰী গাঁৱৰ বাসিন্দা শ্বহীদ জোৱান বিকাশ কুমাৰ।

খেতিয়ক পৰিয়ালৰ সন্তান বিকাশে ২০১৮ চনত ক্ৰীড়া কোটাত ভাৰতীয় সেনা বাহিনীত যোগদান কৰিছিল।
এগৰাকী সুদক্ষ ভলীবল খেলুৱৈ হিচাপে পৰিচিত বিকাশ কুমাৰে শীঘ্ৰেই পুত্ৰক চাবলৈ ছুটিত ঘৰলৈ অহাৰ কথা দিছিল পত্নী আৰু পৰিয়ালক।
জোৱানজনৰ শ্বহীদ গোৱাৰ খবৰ শুকুৰবাৰে সন্ধিয়া গাঁওবাসীয়ে লাভ কৰাৰ পিছতে সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ।
জানিব পৰা মতে, দেওবাৰে বিমানযোগে ভট্টুত উপস্থিত হ’ব শ্বহীদ বিকাশ কুমাৰৰ নশ্বৰ দেহ। তাৰ পৰা কনভয়ৰ ৰূপত জন্মগাঁও পিলিমাণ্ডোৰীলৈ নি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব শেষকৃত্য।