শোকাবহ! দুখন বাহনৰ ভয়ংকৰ মুখামুখি সংঘৰ্ষ, যুৱকৰ মৃত্যু

নিউজ ডেস্কঃ দুখন বাহনৰ ভয়ংকৰ মুখামুখি সংঘৰ্ষত প্ৰাণ গ’ল এজন ব্যক্তিৰ।

শনিবাৰে পুৱা হিমাচল প্ৰদেশৰ ডেহৰা-ধৰমশালা ৰাষ্ট্ৰীয় ঘাইপথৰ নাগ মন্দিৰ ৰানিতালৰ সমীপত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।

তথ্য অনুসৰি, ৰানীতাল নাগ মন্দিৰৰ সমীপত পালমপুৰ অভিমুখে গৈ থকা এখন ছুইফ্ট বাহন আৰু ডেহৰা অভিমুখে গৈ থকা এখন অমনি ভ্যানৰ মাজত সংঘটিত হয় সংঘৰ্ষ।

দুৰ্ঘটনাটোৰ ফলত অমনি ভানখনৰ চালকজনৰ মৃত্যু ঘটাৰ বিপৰীতে আহত হয় আন এজন।

নিহত চালকজনক গগেহাদ দৰকাটাৰ নিৱাসী নীতিশ ভৰদ্বাজ ওৰফে ছানী (৩৪) বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ছুইফ্ট বাহনখনৰ চালকজন টোপনি যোৱাৰ বাবেই বিপৰীত দিশৰ পৰা অহা অমনি ভ্যানখনত প্ৰচণ্ড জোৰে খুন্দা মাৰে।

আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।