fbpx
অসমীয়াৰাষ্ট্ৰীয়

শোকাবহ! তেল কাৰখানাত তেলৰ টেংকাৰ পৰিস্কাৰ কৰিবলৈ গৈ শ্বাহৰুদ্ধ হৈ কৰুণ মৃত্যু ৭ শ্ৰমিকৰ…

নিউজ ডেস্কঃ তেল কাৰাখানাৰ টেংকাৰ পৰিস্কাৰ কৰি থকাৰ সময়তে শ্বাসৰুদ্ধ হৈ মৃত্যু ৭ শ্ৰমিকৰ।

এই শোকাবহ ঘটনা সংঘটিত হয় অন্ধ্ৰ প্ৰদেশৰ কাকিনাড়া জিলাৰ পেড্ডাপুৰম মণ্ডলৰ জি ৰাগাম্পেটাত।

বৃহস্পতিবাৰে শ্ৰমিক কেইজনে অম্বতি চুব্বন্না তেল কাৰখানাত টেংকাৰ পৰিস্কাৰ কৰিবলৈ যোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে, টেংকাৰৰ ভিতৰত শ্ৰমিক কেইজনে এজন এজনকৈ প্ৰৱেশ কৰিছিল আৰু শ্বাসৰুদ্ধ হৈ মৃত্যুক সাৱটি লয়।

image 38

নিহত শ্ৰমিক কেইজনক ভেচাংগী কৃষ্ণ, ভেচাংগী নৰসিংহম, ভেচাংগী সাগৰ, কোৰাথাডু বঞ্জী বাবু, কাৰি ৰামা ৰাও, কট্টামুৰি জগদীশ আৰু প্ৰসাদ বুলি চিনাক্ত কৰা হৈছে।

নিহত সকলৰ ৫ জন আল্লুৰি সীতাৰামা ৰাজু জিলাৰ পাদেৰুৰ নিৱাসী হোৱাৰ বিপৰীতে আন দুজন নিহত পুলিমেৰু গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, আটাইকেইজনে ১০ দিন পূৰ্বে তেল কাৰখানাটোত যোগদান কৰিছিল।

ইফালে বাতৰি অনুসৰি তেল কাৰখানাটো ফেক্টৰী আইন অনুসৰি পঞ্জীয়ন কৰা হোৱা নাছিল।

বিষাক্ত গেছৰ বাবেই শ্ৰমিক কেইজনৰ মৃত্যু ঘটাৰ সন্দেহ কৰা হৈছে।

পিছত ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ শ্ৰমিক কেইজনৰ মৃতদেহ উদ্ধাৰ কৰে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!