অসমীয়াঅসম

শোকাবহ! তীব্ৰবেগী ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল বৈদ্যুতিক উপ-সংমণ্ডলৰ অস্থায়ী কৰ্মচাৰীৰ

নিউজ ডেস্কঃ কৰ্তব্যস্থলীৰ পৰা ঘৰলৈ ওভতাৰ সময়তে তীব্ৰ বেগী ট্ৰাকৰ খুন্দাত প্ৰাণ হেৰুৱালে বৈদ্যুতিক উপ-সংমণ্ডলৰ এগৰাকী অস্থায়ী কৰ্মচাৰী যুৱকে।

কলিয়াবৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

জানিব পৰা মতে, শুকুৰবাৰে কলিয়াবৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ অস্থায়ী কৰ্মচাৰী ২৮ বৰ্ষীয় জিতুমণি ওৰফে নৱজ্যোতি বৈশ্যই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ কাৰ্যালয়ৰ পৰা ঘৰলৈ উভতিছিল।

jitumoni

সেই সময়তে যুৱকজনৰ এএছ-১২ৱাই ৫২৪৪ নম্বৰৰ বাইকখন এখন তীব্ৰবেগী ট্ৰাকে মহতিয়াই থৈ যায়। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত যুৱকজনক ততাতৈয়াকৈ জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

কলিয়াবৰৰ চতিয়ালৰ নিৱাসী জিতুমণিৰ মৃত্যুৰ শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত। ঘটনা সন্দৰ্ভত আৰক্ষীয়েও তদন্ত আৰম্ভ কৰিছে।

Related Articles

Back to top button