শোকাবহ! ডেৰ বছৰ পূৰ্বে কোভিডত হেৰুৱাইছিল পিতৃক, পথ দুৰ্ঘটনাত শিক্ষয়িত্ৰী মাতৃক হেৰুৱাই ঘাতমাউৰা হৈ পৰিল ৪ সন্তান…

নিউজ ডেস্কঃ ডেৰ বছৰ পূৰ্বে কোভিড মহামাৰীত আক্ৰান্ত হৈ মৃত্যু ঘটিছিল পিতৃৰ। তাৰ পিছতে অতি কষ্টৰে ৪ সন্তানৰ সমস্ত দায়িত্ব অকলেই পালন কৰি আহিছিল মাতৃয়ে। কিন্তু নিয়তিৰ পৰিহাসত এক পথ দুৰ্ঘটনাত এতিয়া প্ৰাণ হেৰুৱাবলগীয়া হ’ল মাতৃয়েও। যাৰ বাবে ঘাতমাউৰা হৈ পৰিল ৪ সন্তান।

চিনেমাৰ কাহিনীৰ দৰে এই শোকাবহ ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ উজ্জেইনত। বৃহস্পতিবাৰে উজ্জেইনৰ নৰৱাৰৰ সমীপৰ দটানা মতানা পথত গৈ থকা অৱস্থাত এখন দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিয়াৰ ফলত মৃত্যু ঘটে আসনা জাবিন (৩১) নামৰ মহিলাগৰাকীৰ।

জানিব পৰা মতে, আদৰ্শ নগৰ নাগঝিৰি নিৱাসী আসনা জাবিন আলোক ইণ্টাৰনেশ্যনেল স্কুলৰ শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত আছিল। ডেৰ বছৰ পূৰ্বে কোভিডত স্বামী ছাদাব চৌধুৰীক হেৰুৱাইছিল আসনাই। তাৰ পিছত ৪ সন্তানৰ মাতৃ মহিলাগৰাকীয়ে অকেলই ল’ৰা-ছোৱালী কেইটাৰ দায়িত্ব পালন কৰিছিল।

photo1662208637
শোকাবহ! ডেৰ বছৰ পূৰ্বে কোভিডত হেৰুৱাইছিল পিতৃক, পথ দুৰ্ঘটনাত শিক্ষয়িত্ৰী মাতৃক হেৰুৱাই ঘাতমাউৰা হৈ পৰিল ৪ সন্তান… 2

বৃহস্পতিবাৰে আসনাই বিদ্যালয়ৰ পৰা ঘৰলৈ স্কুটীৰে আহি থকা সময়ত দটানা মতানা পথত দেৱাসৰ পৰা উজ্জয়িনলৈ গৈ থকা এখন ট্ৰাকে মহতিয়াই থৈ যায় শিক্ষয়িত্ৰীগৰাকীক। যাৰ ফলত ঘটনাস্থলীতে মৃত্যু ঘটে মহিলাগৰাকীৰ।

ইফালে দুৰ্ঘটনাৰ সময়ত আসনাৰ সৈতে থকা বিদ্যালয়ৰ চাফাই কৰ্মীজনো গুৰুতৰভাৱে আহত হয়। স্থানীয় লোকে তেওঁক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱায়। চাফাই কৰ্মীজনে দুৰ্ঘটনাৰ ফলত দুয়োখন হাত হেৰুৱাবলগীয়া হয়।

অন্যহাতে দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰাক চালকজনে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি ট্ৰাক চালকজনৰ সন্ধান অভিযান অব্যাহত ৰাখিছে।

উল্লেখ্য যে, আসনা জাবিনে সাধাৰণতে সদায় স্কুল বাছেৰেই স্কুললৈ যায় যদিও কিছুদিনৰ বাবে শাহুৱেক দিল্লীলৈ যোৱাত ঘৰত ল’ৰা-ছোৱালী কেইটা অকলে থকাৰ পৰিপ্ৰেক্ষিতত যাতে, সোনকালে ঘৰলৈ উভতিব পাৰে, তাৰ বাবেই বৃহস্পতিবাৰে স্কুটী চলাই গৈছিল। আৰু সেইদিনাই সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা।

ডেৰ বছৰত ভিতৰত পিতৃ-মাতৃ দুয়োকে হেৰুৱাই এতিয়া ঘাতমাউৰা হৈ পৰিছে ছাদাব আৰু আসনাৰ ৪ সন্তান। এই দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।