fbpx
অসমীয়াৰাষ্ট্ৰীয়

শোকাবহ! ডিভাইডাৰত খুন্দা মাৰি পথৰ ওপৰতে বাগৰি পৰিল বিবাহ যাত্ৰীৰ বাছ, ৩ জনৰ মৃত্যু

নিউজ ডেস্কঃ নিয়ন্ত্ৰণ হেৰুৱাই বৰযাত্ৰীৰ বাছ পথৰ ওপৰত বাগৰি পৰাত কমেও ৩ জন লোক নিহত হোৱাৰ বিপৰীতে আহত হয় আন ১৮ জন লোক।

বৃহস্পতিবাৰে নিশা এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় মধ্য প্ৰদেশৰ নৰসিংহপুৰ জিলাৰ কাৰেলীত।

জানিব পৰা মতে, পাৰুল ট্ৰেভেলছৰ বাছখনে বিবাহ যাত্ৰী কঢ়িয়াই সাতধৰাৰ পৰা বাংশখেদালৈ গৈ থকা সময়তে কাৰেলীৰ পৰা প্ৰায় ১০ কিলোমিটাৰ নিলগত বাছখন নিয়ন্ত্ৰণহীন হৈ বাগৰি পৰে।

এই ভয়ংকৰ দুৰ্ঘটনাটোত ৩ জন লোকৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আন ১৮ জন গুৰুতৰভাৱে আহত হয়।

নিহত সকলক নৰসিংপুৰৰ ছৈখদাৰ নিৱাসী কাৰ্তিক গুৰ্জৰ (১৬), পহলৱান সাৰথে (৬০) আৰু উদয়ৰাম ঠাকুৰ (৫৫) বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বাছ চালকে ভুল দিশেৰে অহাৰ বাবে ডিভাইডাৰত খুন্দা খাই বাছখন পথৰ ওপৰতে বাগৰি পৰে।

ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক হাস্পতাললৈ প্ৰেৰণ কৰে।

আহত একাধিক জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

ইফালে চালকৰ ভুলৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাত চালকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে কাৰেলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অখিলেশ মিশ্ৰই।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!