
নিউজ ডেস্কঃ ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ সংঘৰ্ষত সোমবাৰে পুৱা নিহত হয় ৫ জনকৈ লোক।
কেৰালাৰ আলাপ্পুজাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ আম্বালাপুজাৰ কক্কাঝোম ৰে’লৱে অভাৰব্ৰীজত সোমবাৰে পুৱতি নিশা প্ৰায় ১ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।
দুৰ্ঘটনাত নিহত সকলক প্ৰসাদ, শিজু দাস, শচীন, অমল আৰু সুমোদ বুলি চিনাক্ত কৰা হৈছে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নিহত আটাইকেইজন ইণ্ডিয়ান স্পেচ ৰিচাৰ্ছ অৰ্গেনাইজেশ্যন চমুকৈ ইছৰ’ৰ কেণ্টিৰৰ অস্থায়ী কৰ্মচাৰী আছিল।
নিহত সকলৰ ৪ জন তিৰুৱান্তপুৰমৰ বাসিন্দা হোৱাৰ বিপৰীতে আনজন আছিল কোল্লামৰ নিৱাসী।
আটাইকেইজনে কৰ্তব্য সম্পদান কৰি উভতি অহাৰ পথতে ৰে’লৱে অভাৰব্ৰীজত এখন চাউলভৰ্তি ট্ৰাকৰ সৈতে সংঘৰ্ষ ঘটে।
এই দুৰ্ঘটনাত চাৰিজনৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আনজনৰ হাস্পতালত মৃত্যু ঘটে।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।