
নিউজ ডেস্কঃ শাৰীৰিক অসুস্থতাৰ বাবে বিগত কিছুদিন ধৰি হাস্পতালত ভৰ্তি হৈ থাকি অৱশেষত শেষ নিশ্বাস ত্যাগ নগাঁৱৰ পুৰণিগুদামৰ শিক্ষক উৎপল কুমাৰ ভূঞাৰ।
মূঢ়ানী হাইস্কুলৰ প্ৰধান শিক্ষক ভূঞাৰ মৃত্যুৰ বাতৰিয়ে শোকাহত কৰিছে নগাঁওবাসীক।
জানিব পৰা মতে, কিছুদিন পূৰ্বে ঘৰত বহি টিভি চাই থকাৰ সময়তে হঠাৎ অসুস্থ হৈ পৰিছিল উৎপল কুমাৰ ভূঞা।
লগে লগে তেওঁক নগাঁৱৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও স্বাস্থ্য অধিক সংকটজনক হোৱাত তাৰ পৰা তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।
গুৱাহাটীৰ হেল্থ চিটী হাস্পতালৰ ভেণ্টিলেশ্যনত চিকিৎসাধীন হৈ থাকি অৱশেষত ৫৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে কৃতি শিক্ষকগৰাকীয়ে।