
নিউজ ডেস্কঃ টিউশ্যনলৈ যোৱাৰ পথত ৰে’ল লাইন পাৰ হোৱাৰ সময়তে দ্ৰুতবেগী ৰে’লৰ খুন্দাত প্ৰাণ গ’ল এগৰাকী ছাত্ৰৰ।
দীপাৱলীৰ দিনাই এই শোকাবহ ঘটনা সংঘটিত হৈছে তামুলপুৰত।
নিহত ছাত্ৰজনক গোৰেশ্বৰৰ চেণ্ট এম্ব্ৰইছ হাইস্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ তথা বালাহাতীগাঁও নিবাসী ভজন দাসৰ পুত্ৰ অমন দাস বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে, দীপাৱলীৰ দিনা অমন দাসে টিউশ্যনলৈ গৈ থকাৰ সময়তে পুৱা ৰঙিয়া মুৰ্ককচেলেক ৰে’লপথৰ ৩নং গোৰেশ্বৰৰ ১২নং ৰে’ল দলঙৰ সমীপত মুৰ্ককচেলেক যাত্ৰীবাহী ৰে’লখনে ছাত্ৰজনক খুন্দা মাৰে।

১২ নং ৰে’লৱে দলঙৰ কাষতে ৰে’লপথত এটি কেকুৰী থকাৰ বাবেও বিপৰীত দিশৰ পৰা আহি থকা ৰে’ল প্ৰায়েই দেখা নাযায় বুলি একাংশই জানিবলৈ দিয়ে।
দুৰ্ঘটনাস্থলীত ৰে’লৱে আৰক্ষী আৰু গোৰেশ্বৰ আৰক্ষী উপস্থিত হৈ ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে তদন্ত আৰম্ভ কৰে।