শোকাবহ! টায়াৰ ফাটি নিয়ন্ত্ৰণহীন হৈ ডিভাইডাৰত খুন্দা চাৰিচকীয়া বাহনৰ, মহিলাসহ ৬ জনৰ মৃত্যু

নিউজ ডেস্কঃ টায়াৰ ফাটি যোৱাৰ ফলত নিয়ন্ত্ৰণহীন হৈ পৰা এখন চাৰিচকীয়া বাহনে পথৰ দাঁতিৰ ডিভাইডাৰত খুন্দা মাৰি বাগৰি পৰাত কৰুণ মৃত্যুক সাৱটি লয় ৬ জনে।

দেওবাৰে পুৱা এই মৰ্মান্তিক পথ দুৰ্ঘটনা সংঘটিত হয় মহাৰাষ্ট্ৰৰ বুলধনা জিলাৰ সমৰুদ্ধি এক্সপ্ৰেছৱেত।

দুৰ্ঘটনাত নিহত সকলৰ ভিতৰত ৫ গৰাকীয়েই মহিলা বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

ইফালে এই দুৰ্ঘটনাত বাহনখনত থকা আন ৭ জন লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাহনখন ঔৰংগাবাদৰ পৰা বুলধনাৰ শ্বেগাঁও অভিমুখে গৈ আছিল।

বাহনখন পুৱা প্ৰায় ৮ বজাত শিৱানী পিছা গাঁৱৰ সমীপত উপস্থিত হোৱাৰ সময়তে টায়াৰ ফাটি যোৱাৰ ফলত নিয়ন্ত্ৰণহীন হৈ পৰে।

ইফালে দুৰ্ঘটনাৰ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।