fbpx
অসমীয়াঅসম

শোকাবহ! জিৰণি ঘৰত খুন্দা তেল পৰিবাহী টেংকাৰৰ, এজনৰ মৃত্যু

নিউজ ডেস্কঃ কলিয়াবৰৰ ৰাঙলুৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে সংঘটিত এক শোকাবহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় এজন লোকে।

জানিব পৰা মতে, এনএল ০১এএ ৪৬২১ নম্বৰৰ এখন তেল পৰিবাহী টেংকাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ এটা জিৰণি ঘৰত নিয়ন্ত্ৰণ হেৰুৱায় প্ৰচণ্ড জোৰে খুন্দা মাৰে।

দুৰ্ঘটনাটোৰ ফলত টেংকাৰখনৰ চালকজনৰ ঘটনাস্থলীতে মৃত্যু ঘটে। নিহত চালক জনৰ পৰিচয় মহেশ চন্দ্ৰ দাস বুলি জানিব পৰা গৈছে।

টেংকাৰখনে গুৱাহাটীৰ পৰা যোৰহাট অভিমুখে গৈ থকা সময়তে সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা।

দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত জখলাবন্ধা আৰক্ষী উপস্থিত হৈ মৃত চালকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। দুৰ্ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!