fbpx
অসমঅসমীয়া

শোকাবহ! ছাত্ৰী নিৱাসৰ চাদত কাপোৰ মেলিবলৈ যাওতেই অঘটন, ভৰি পিচলি তলত পৰি মৃত্যু মেধাৱী ছাত্ৰী হৃষিতা দাসৰ…

নিউজ ডেস্কঃ পাঠশালাত শোকাবহ ঘটনা।

ছাত্ৰী নিৱাসৰ চাদত কাপোৰ মেলিবলৈ যাওতেই অঘটন ঘটিল এগৰাকী ছাত্ৰীৰ সৈতে।

চাদৰ ওপৰৰ পৰা তললৈ বাগৰি পৰি মৃত্যু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীগৰাকীৰ।

নিহত ছাত্ৰীগৰাকীৰ পৰিচয় হৃষিতা দাস বুলি জানিব পৰা গৈছে।

ছাত্ৰীগৰাকীৰ ঘৰ বজালীৰ বাঘমাৰাত।

পাঠশালাত কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষত অধ্যয়ন কৰি আছিল হৃষিতাই।

বৃহস্পতিবাৰে পুৱা তেওঁ গা ধুই চাদত কাপোৰ মেলিবলৈ আহিছিল।

কিন্তু অসাৱধানবশতঃ চাদৰ পৰা ভৰি পিচলি তলত বাগৰি পৰে হৃষিতা।

যাৰ ফলত মৃত্যুক সাৱটি লয় মেধাৱী ছাত্ৰীগৰাকীয়ে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!