শোকাবহ! চৰকাৰৰ পৃষ্ঠপোষকতাত পৰ্যটন প্ৰসাৰৰ বাবে বাইক ৰাইডিঙৰ সময়তে দুৰ্ঘটনাত পতিত হৈ মৃত্যু জনপ্ৰিয় ইউটিউবাৰৰ…

নিউজ ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ঘটিল এগৰাকী জনপ্ৰিয় ইউটিউবাৰৰ।

মধ্যপ্ৰদেৰ ৰাজধানী ভূপালৰ পৰা ১২২ কিলোমিটাৰ নিলগৰ সুহাগপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় জনপ্ৰিয় ইউটিউবাৰ অভ্যুদয় মিশ্ৰই।

‘স্কাইলৰ্ড’ ইউটিউব নামেৰে পৰিচিত অভ্যুদয়ে দেওবাৰে মধ্যপ্ৰদেশ চৰকাৰৰ পৃষ্ঠপোষকতাত পৰ্যটন প্ৰসাৰৰ বাবে ৰাজ্যিক ৰাইডিংৰ এটা দলৰ সৈতে গৈ থকা সময়তে বিপৰীত দিশৰ পৰা এখন ট্ৰাকে খুন্দা মাৰে তেওঁক।

image 225
শোকাবহ! চৰকাৰৰ পৃষ্ঠপোষকতাত পৰ্যটন প্ৰসাৰৰ বাবে বাইক ৰাইডিঙৰ সময়তে দুৰ্ঘটনাত পতিত হৈ মৃত্যু জনপ্ৰিয় ইউটিউবাৰৰ… 3

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ইউটিউবাৰ জনক লগে লগে হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে অভ্যুদয় মিশ্ৰৰ।

ইউটিউবত গেমিং ভিডিঅ’ আপলোড কৰি কম সময়ৰ ভিতৰতে দেশৰ অন্যতম ইউটিউবাৰ হৈ পৰা অভ্যুদয়ৰ এই আকস্মিক মৃত্যুৰ বাতৰিয়ে শোকস্তব্ধ কৰি তুলিছে তেওঁৰ লাখ লাখ ফল’ৱাৰ্ছক।

image 226
শোকাবহ! চৰকাৰৰ পৃষ্ঠপোষকতাত পৰ্যটন প্ৰসাৰৰ বাবে বাইক ৰাইডিঙৰ সময়তে দুৰ্ঘটনাত পতিত হৈ মৃত্যু জনপ্ৰিয় ইউটিউবাৰৰ… 4

ইফালে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক চালকজনৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।