
নিউজ ডেস্কঃ প্ৰকৃতিৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰি ওভতাৰ পথত চেলফি তোলাৰ সময়তে ভৰি পিচলি দ খাৱৈত বাগৰি প্ৰাণ গ’ল এগৰাকী মহিলাৰ।
এই শোকাবহ ঘটনা সংঘটিত হৈছে উত্তৰাখণ্ডৰ কেদাৰনাথত।
জানিব পৰা মতে, বুধবাৰে এহাল দম্পতীয়ে প্ৰাকৃতিক সৌন্দৰ্য উভভোগ কৰি কেদাৰনাথৰ পৰা মোৰাদাবাদলৈ উভতিছিল। অহাৰ পথতে তেওঁলোকে হৃষীকেশ-বদ্ৰীনাথ ৰাষ্ট্ৰীয় ঘাইপথৰ কৌদিয়ালাৰ ওচৰৰ সোন্দপানীত কিছু সময় ৰয়।

সেই সময়তে মহিলাগৰাকীয়ে নিজৰ মোবাইল কেমেৰাৰে চেলফি তুলিবলৈ লওতেই পাহাৰৰ পৰা ভৰি পিচলি তলৰ দ খাৱৈত বাগৰি পৰে আৰু মৃত্যুক আঁকোৱালি লয়।
এই ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ মহিলাগৰাকীৰ সন্ধানত অভিযান চলায় যদিও প্ৰতিকূল বতৰৰ বাবে বুধবাৰে অভিযান স্থগিত ৰাখিবলগীয়া হয়।
পিছত বৃহস্পতিবাৰে পুৱা পুনৰ অভিযান আৰম্ভ কৰি অৱশেষত দ খাৱৈৰ পৰা মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।