
নিউজ ডেস্কঃ ৰাজ্যত চিলনী চোৰৰ উপদ্ৰৱে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে মহানগৰীত চিলনী চোৰৰ আক্ৰমণত কৰুণ মৃত্যুক সাৱটিবলগীয়া হ’ল এগৰাকী মহিলাই।
চিলনী চোৰৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ থকা মহিলাগৰাকীৰ শনিবাৰে মৃত্যু ঘটে হাস্পতালত। আনহাতে মহিলাগৰাকীৰ স্বামীও বৰ্তমান আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছে।
জানিব পৰা মতে, মহিলাগৰাকী আৰু তেওঁৰ স্বামী চিলনী চোৰৰ আক্ৰমণৰ বলি হৈছিল মঙলবাৰে নিশা। বেতকুছিৰ ঢপলীয়াৰ নিৱাসী শ্যামলী দাস নামৰ মহিলাগৰাকীয়ে নিশা স্বামীৰ সৈতে বাইকেৰে গৈ থকা সময়তে জ্যোতিকুছিৰ ৰাজপথত চিলনী চোৰে মহিলাগৰাকীৰ ডিঙিৰ চেইন কাঢ়ি নিয়ে।
চিলনী চোৰে মহিলাগৰাকীৰ ডিঙিৰ চেইন আজুৰি নিয়াৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই বাইকৰ পৰা বাগৰি পৰে মহিলাগৰাকী আৰু তেওঁৰ স্বামীয়ে। যাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় দুয়োজন।

পিছত তেওঁলোকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰে শ্যামলী দাস নামৰ ৫০ বৰ্ষীয় মহিলাগৰাকীয়ে। বৰ্তমানো হাস্পতালত চিকিৎসাধীন হৈ আছে তেওঁৰ স্বামী।
ইফালে স্বামী-স্ত্ৰী দুয়োজনে হাস্পতালত ভৰ্তি হৈ থকাৰ পৰিপ্ৰেক্ষিতত ঘটনা সন্দৰ্ভত কোনো এজাহাৰ দাখিল কৰিবলৈ সক্ষম হোৱা নাছিল পৰিয়ালে। যাৰ বাবে মহিলাগৰাকীৰ মৃত্যুৰ পিছতহে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জানিব পাৰে।
দুৰ্গা পূজাৰ প্ৰাকক্ষণত মহানগৰীত এনেদৰে চিলনী চোৰৰ সন্ত্ৰাসে স্বাভাৱিকতে মহানগৰবাসীৰ মাজত আতংকৰ সৃষ্টি কৰাৰ লগতে আৰক্ষী-প্ৰশাসনৰো ব্যস্ততা বৃদ্ধি কৰিছে।